abc

এটা সময়ত পৃথিৱীৰ প্ৰতিটো সুকীয়া জাতি-জনগোষ্ঠীৰেই পৰম্পৰাগত জাতীয় পোছাক আছিল আৰু কিছুামানে এতিয়াও সেই পৰম্পৰাকেই পালন কৰি আহিছে। পৰিস্থিতি অনুযাযী জাতীয় পোছাকযোৰ কেতিয়াবা কৰোবাৰ বাবে আশীৰ্বাদ হৈ উঠে আৰু কাৰোবাৰ বাবে ই হৈ পৰে অভিশাপ । কোচ মহিলা সকলৰ ক্ষেত্ৰত তেওঁলোকৰ জাতীয় পোছাক পাটানীখন এটা সময়ত অভিশাপ স্বৰূপেই হৈ উঠিছিল । এয়া আজিৰ পৰা এশ বছৰ আগৰ কথা ।

এটা সময়ত পৃথিৱীৰ প্ৰতিটো সুকীয়া জাতি-জনগোষ্ঠীৰেই পৰম্পৰাগত জাতীয় পোছাক আছিল আৰু কিছুামানে এতিয়াও সেই পৰম্পৰাকেই পালন কৰি আহিছে। পৰিস্থিতি অনুযাযী জাতীয় পোছাকযোৰ কেতিয়াবা কৰোবাৰ বাবে আশীৰ্বাদ হৈ উঠে আৰু কাৰোবাৰ বাবে ই হৈ পৰে অভিশাপ । কোচ মহিলা সকলৰ ক্ষেত্ৰত তেওঁলোকৰ জাতীয় পোছাক পাটানীখন এটা সময়ত অভিশাপ স্বৰূপেই হৈ উঠিছিল । এয়া আজিৰ পৰা এশ বছৰ আগৰ কথা ।

আপোনালোকে নিশ্চয় জানে যে আজিৰ ভাৰতত যিদৰে সকলোৱে সসন্মানে,সমতাৰে জীয়াই থাকিব পাৰে স্বাধীনতাৰ পূৰ্বে এয়া সম্ভৱ হৈ উঠা নাছিল । বৰ্ণ প্ৰথাৰ বাবে মানুহৰ মাজত উচ্চ - নীচৰ ভাৱে ইমানেই বেয়াকৈ খোপনি পুতিছিল যে উচ্চ বৰ্ণৰ মানুহে নিম্ন বৰ্ণৰ মানুহৰ হাতেৰে পানী খোৱাটো দূৰৰে কথা , স্পৰ্শ কৰিলেই জাত যায় বুলি ভাবিছিল । বিশেষকৈ সমতল অঞ্চলৰ কোচ সকলে বোধি বৃক্ষ আহত গছৰ তলত মাটিৰ ঢিপ (পালি ভাষাত থুপ ) বুদ্ধৰ থেৰবাদৰ প্ৰতীক হিচাপে পূজা কৰি আহিছে । কিন্তু পৰবৰ্তী কালত গ্ৰহণ কৰা মহাযান , বজ্ৰযান,তন্ত্ৰযান আৰু পূৰ্বৰে পৰা থকা জনগোষ্ঠীয় জড়োপাসক মিশ্ৰিত ধ্যান- ধাৰণা, ধৰ্মীয় বিশ্বাস ত্যাগ দি যেতিয়া কোচ সকলে বেংগলৰ বৈষ্ণৱ ধৰ্মীয় গুৰু সকলৰ দ্বাৰা সংস্কাৰ কৰি ৰাজবংশী বুলি জাত্যান্তৰ কৰিলে তেতিয়াই বৰ্ণ ব্যৱস্থাৰ অন্তৰ্গত ৰাজবংশী হোৱা কোচ সকলক অস্পৃশ্য বুলি জ্ঞান কৰিব ধৰিলে ।

কোচ সকল নতুনকৈ বৈষ্ণৱ তথা বৈদিক পন্থা গ্ৰহণ কৰাত কিদৰে তেওঁলোকক সামাজিক দৃষ্টিত নিম্নমানৰ বা অস্পৃশ্য বুলি জ্ঞান কৰিছিল কোচ বেহাৰ ৰাজ্যৰ কোচ ৰজা নৃপেন্দ্ৰনাৰায়ণ দেৱৰ পৃষ্ঠপোষকতাত হৰেন্দ্ৰ নাৰায়াণ চৌধুৰীৰ দ্বাৰা লিখা কিতাপত ইয়াৰ উমান পোৱা যায় । তেওঁ লিখিছে যে ..."তথাপি ৰাজবংশীসকলক বিশুদ্ধ হিন্দু বুলি গণ্য কৰা নহয়।"

ইয়াৰ পূৰ্বে দেশত বসবাস কৰা নিম্নবংগৰ (ভাটিদেশ) হিন্দুসকলে ৰাজবংশীসকলে স্পৰ্শ কৰা পানী খোৱা নাছিল। এই অক্ষমতা বহুলাংশে নাইকিয়া হৈ গৈছে, আৰু বহু হিন্দুৱে এনে পানী ব্যৱহাৰ কৰাত আপত্তি নকৰে। তথাপি বৰ্তমানৰ ৰাজবংশীসকলকো অশুদ্ধ বুলি গণ্য কৰা বহু লোক আছে। বংগত এজন ৰাজবংশীক নিশ্চয়কৈ বিশুদ্ধ হিন্দু বুলি মানি লব নোৱাৰি। তেওঁলোকৰ স্থান কমাৰ, কুমাৰ, গোৱালা আদি নৱশাকৰ তলত আৰু নিম্নশ্ৰেণীৰ তেলী, মালি ইত্যাদিতকৈ ওপৰত । হিন্দুৰ দৃষ্টিকোণৰ পৰা আটাইতকৈ আপত্তিজনক প্ৰথা হিচাপে পৰিগণিত গাহৰিৰ মাংস খোৱা আৰু বিধৱা-পুনৰ বিবাহৰ প্ৰথা ৰাজবংশী সকলৰ মাজৰ পৰা দ্ৰুতগতিত নোহোৱা হৈ গৈ আছে, আৰু কেইটামান দশকৰ পাছত যদি ৰাজবংশীসকল সামাজিক পৰিসৰত আৰু অধিক ‘উচ্চতালৈ’ উঠে তেন্তে ইয়াত আচৰিত হব লগিয়া একো নাই ।( চৌধুৰীৰ,হৰেন্দ্ৰ নাৰায়নণ The cooch Behar State land revenue and its settlement ১৯০৩ পৃষ্ঠা ১২৭ ) হৰেন্দ্ৰ নাৰায়ণ চৌধুৰী দেৱৰ লিখনিৰ পৰা আপোনালোকে নিশ্চয় সামান্য হলেও আভাষ পালে যে সেই সময়ত বৰ্ণ হিন্দু সমাজত ৰাজবংশী বুলি পৰিচয় দিয়া কোচ সকল সমাজৰ কোন স্থানত অৱস্থান কৰিছিল ! অকল যে দুখীয়া , গৰীব, নিচলা কৃষক শ্ৰেণীৰ ৰাজবংশী সকলক অথাকথিত উচ্চ বৰ্ণৰ লোকে অজলচল বা নীচ জাতি বুলি জ্ঞান কৰিছিল তেনে নহয় । সমগ্ৰ ৰাজবংশী সমাজৰ মাজৰ পৰা প্ৰথম সংস্কৃত বিষয়ত এম, এ আৰু আইনৰ ডিগ্ৰী পাছ কৰা পঞ্চানন বৰ্মাকো ৰংপুৰ ন্যাধীশালয়ত জাতি সূচক মন্তব্য কৰি অপমান কৰিছিল । তেনে এক সময়ত ৰাজবংশী সকল সমাজত সমমৰ্য্যদা বিচাৰি কোন পথে যাব ! যিহেতু তেওঁলোক খ্ৰীষ্টান মিছনেৰীৰ প্ৰভাৱৰ পৰা দূৰত্ব বজাই চলিছিল বা খ্ৰীষ্টান মিছনেৰী সকলৰ আগমনৰ পূৰ্বেই বৈষ্ণবী দীক্ষা লৈ অৰ্ধ হিন্দুত পৰিণত হৈছিল গতিকে মিছনেৰী সকলেও কোচ বা ৰাজবংশী সকলৰ উপৰত দৃষ্টি দিয়া নাছিল । স্বাধীনতাৰ পিছত যিদৰে বাবা চাহেব আম্বেদকাৰৰ সংবিধানে সকলোকে সসন্মানে জীয়াই থকাৰ অধিকাৰ দিছে , মতদানৰ জৰিয়তে শাসক বাচনি কৰাৰ অধিকাৰ দিছে ,তাহানিৰ ব্ৰিটিছ পৰাধীন বৰ্ণ হিন্দু সমাজ চলিছিল মনু সংহিতাৰ নিয়মত। গতিকে ৰাজবংশী সকলে সমাজত সমধীকাৰ অৰ্জন কৰিবলৈ বর্ণ হিন্দুৰ মাজত থাকিয়েই পথ বিচাৰি লবলগীয়া হৈছিল । যিহেতু সেই সময়ত সমগ্ৰ বৃটিছ ভাৰততেই ক্ষত্ৰিয় বুলি স্বীকৃতি লবলৈ সৰু বৰ বহুকেইটা জনগোষ্ঠীয়েই আন্দোলন কৰি আছিল সেয়েহে সৰ্ব ভাৰতীয় পৰ্যায়ত চলা সেই আন্দোলনে ৰাজবংশী সমাজকো স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল আৰু অৱশেষত ৰাজবংশী সকলে ব্ৰাহ্মণ সমাজৰ পৰা ক্ষত্ৰিয় বৰ্ণৰ স্বীকৃতি আদায় কৰিবলৈ আৰম্ভ কৰিছিল ক্ষত্ৰিয় আন্দোলন । অজলচল অৱস্থাৰ পৰা ক্ষত্ৰিয় বৰ্ণত উৰ্ত্তীন হোৱাত জনগোষ্ঠীয় ' কোচ ' পৰিচয় আৰু পৰম্পৰাগত খাদ্য পোছাকে যাতে বাধাৰ সৃষ্টি কৰিব নোৱাৰে ,তাৰ বাবে নিজৰ জনগোষ্ঠীয় সাঁচ পোছাকৰ লগতে যদি পূৰ্বৰ নৃগোষ্ঠীয় পৰিচয়ক গালি পাৰিব লাগে ,তাকেই কৰিব বুলি থিৰাং কৰিলে ।

এই ক্ষত্ৰিয় আন্দোলন হোৱাৰ বহু পূৰ্বে অৰ্থাৎ ১৬ শতিকাতেই কোচ ৰাজ্যত ব্ৰাহ্মণ বৰ্ণ ধৰ্ম আৰু কোচ জনজাতীয় ধৰ্ম, সংস্কৃতিৰ মাজত সংঘাত হোৱাৰ কিছুমান উমান পোৱা যায় আৰু এই সংঘাত নিৰ্মূল কৰাৰ মানসেৰে কোচ মহাৰাজ নৰনাৰা়ণৰ আৰু দেৱান চিলাৰায়ে শক্তিশালী পদক্ষেপ লোৱাৰো কিছু আভাস পোৱা যায় ।
এই বিষয়ে দৰঙ ৰাজ বংশাৱলীত এই দৰে লিখিছে যে...

প্রথম নিশাত দেখা দিলা সদাশিৱ।
বোলে আপোনাৰ নীতি এৰিলিহি কিয়।।
কছাৰীৰ মতে এভো কৰিও নাচন।
তোৰ জয় হৈব কৈলো স্বৰূপ বচন।। ৩২৫
(ইয়াত কছাৰী মানে কোচ সকলকো বুজাইছে)

যদিও দৰং ৰাজবংশাৱলীত কোচ দেৱান চিলাৰায় নাইবা ৰজা নৰনাৰা়ণক শিৱই সপোনত আহি নিজৰ জনগোষ্ঠীয় ধৰ্ম এৰাৰ বাবে আক্ষেপ প্ৰকাশ কৰা বুলি লিখিছে, এই ঘটনাই কিন্তু কোচ ৰাজ্যত বৰ্ণ হিন্দু ধৰ্ম আৰু কোচ জনগোষ্ঠীয় সংস্কৃতিৰ সংঘাত হোৱাৰহে ইংগিত দিয়ে । যাৰ বাবে কোচ ৰজা সকলে বৰ্ণ হিন্দু ধৰ্ম আৰু কোচ জনগোষ্ঠীয় ধৰ্মৰ মাজত সংঘাত নিৰাময়ৰ বাবে দৃঢ় পদক্ষেপ লবলৈ বাধ্য হয় আৰু দুই ধৰ্মৰ প্ৰজাক ৰজাই বান্ধি দিয়া নিয়ম পালন কৰিবলৈ শপত খুৱাই । বংশাবলিত এইদৰে পোৱা যায় -

শপত খুৱাই ৰাজা বুলিলা বচন।
শুনিয়ো সমস্তে মোৰ বাক্য নিবন্ধন।।
গোঁহাইকমল আলি মধ্যে সীমা কৰি।
উত্তৰৰ ফালে আছে যতেক কছাৰী।। ৩৩৬
সেহি ফালে দেৱালয় আছে যত যত।
কোচে মেচে পূজিবকে মোহোৰ বাক্যত।।
দক্ষিণৰ ফালে পূজা ব্রাহ্মণ কৰিব।
এহি নিবন্ধনে সবে ধৰ্ম্ম প্রবর্ত্তিব।। ৩৩৭

জনজাতীয় কোচ ধৰ্ম সংস্কৃতি ৰক্ষাৰ বাবে কোচ ৰজা সকলে লোৱা পদক্ষেপৰ বাবেই আজি গোহাঁই কমল আলিৰ উত্তৰ দিশে আৰু নিচেই কাষৰ অইন দিশত কোচ সকলে নিজৰ ধৰ্ম সংস্কৃতি জীয়াই ৰখাত সক্ষম হৈছে ।
ইয়াৰ জ্বলন্ত উদাহৰণ আপোনালোকে মাৰ্টিন মন্টোগেমাৰীৰ প্ৰতিবেদনত পাবলৈ সক্ষম হব ।
তাত এই দৰে পোৱা যায় যে -

Thus in the territory of khungtaghat (Bisnee ); belonging to one of their very highest chiefs, almost every cultivator is called a Rajbongsi; but they are divided into two kinds, the Bhokat or worshippers that is of Krishno and the Gorami who eat pork and other abominables food and who openly abandons themselves to strong liquors it is on this account. That they sum to have been called Gorami of family persons, just as those in Europe, who retained the cus-toms of their ancestors were called pagans, from living in re-tired villages, when their obstinate adherence to old customs came to be a term of reproach, these goramis worship chifly Kamakhaya who probably continued to be the chiefly deity of the tribes from the time of Bhogodotto, until that of Biswo
(Eastern India Volume V,page 545,1838)

অৰ্থাৎ বিজনীৰ খুণ্টাঘাট পৰ্গনাৰ প্ৰায়ভাগ খেতিয়কে নিজকে ৰাজবংশী বুলি পৰিচয় দিয়ে । তেওঁলোক দুই প্ৰকাৰৰ - গাৰামি আৰু ভকত ।

গাৰামি সকলে নিজৰ মুখ্য দেৱী কামাখ্যাৰ পূজা কৰে লগতে তেঁওলোক মদ আৰু গাহৰি খায় ,আনহাতে ভকত সকল কৃষ্ণৰ উপাসক । ইয়াত চাগে দুনাই বাখ্যা কৰিব নালাগিব যে এই গাৰামি ৰাজবংশী সকলেই হল কোচ ধৰ্ম মানি চলা কোচ আৰু ভকত সকল হল ব্ৰাহ্মণ ধৰ্মৰ কৃষ্ণক পূজা কৰা কোচ ।

সেয়েহে বৰ্তমানৰ কোকৰাঝাৰ, চিৰাং , বিজনী , দৰং মঙ্গলদৈ আদি অঞ্চলত কোচ সকল ব্ৰাহ্মণ , কায়স্থৰ জমিদাৰী ব্যৱস্থা আৰু মনুবাদী শাসনত থকা ৰংপুৰ , ধুবুৰী , কোচ বিহাৰৰ ৰাজবংশী হোৱা কোচ সকলোতকৈ আপোন সংস্কৃতিত অধিক সংস্কৃতিৱান ।

তেনে অঞ্চলৰ কোচ সকলে সিমান হীনমান্যতাত ভুগিব লগীয়া হোৱা নাছিল । গতিকে এই স্থানবোৰত ক্ষত্ৰিয় আন্দোলনে শক্তিশালী খোপনি পুতিব সক্ষম হোৱা নাছিল যদিও, অসম আন্দোলনৰ প্ৰভাৱত তথাকথিত উচ্চ বৰ্ণৰ অসমীয়া মহিলাৰ পোছাক বুলি পৰিগণিত হোৱা মেখেলা চাদ্দৰে প্ৰবেশ কৰি কোচ মহিলাৰ জাতীয় পোছাক পাটানীৰ স্থান দখল কৰে বুলি উক্ত অঞ্চলৰ বয়সীয়াল ব্যক্তি সকলে কব খোজে ।

বৰ্ণ ব্যৱস্থাত জৰ্জৰিত কোচৰ পৰা জাতান্তৰ হোৱা ৰাজবংশী সমাজে বঙাইগাঁওত আৰ্য্য ধৰ্ম সংৰক্ষিণী সমিতি নামেৰে পঞ্চনান বৰ্মাৰ দ্বাৰা ৰংপুৰত ক্ষত্ৰিয় আন্দোলন কৰাৰ কিছু পূৰ্বে কোচ আৰু ৰাজবংশী একে জাতি নহয় বুলি প্ৰচাৰ চলাই ৰাজবংশী সকলক ক্ষত্ৰিয়ৰ মৰ্যদা দিয়াৰ বাবে আন্দোলন কৰিছিল । পিছে পঞ্চানন বৰ্মাৰ ক্ষত্ৰিয় আন্দোলন শক্তিশালী হোৱাত বঙাইগাঁও, কোকৰাঝাৰ , ধুবুৰী আদি ঠাইত লাহে লাহে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় যদিও ৰাজবংশী সকলৰ উপাধি আৰু ধৰ্ম সংস্কৃতিৰ কিছু পৰিবৰ্তন কৰাৰ বাহিৰে বিশেষ একো পৰিবৰ্তন কৰিব পৰা নাছিল। এই ঠাই বোৰত ক্ষত্ৰিয় আন্দোলনৰ প্ৰভাৱ পৰিছে যদিও ৰাজবংশী মহিলা সকলৰ জাতীয় পোছাকৰ ঠাইত তথাকথিত উচ্চ বৰ্ণৰ শাৰীয়ে স্থান দখল কৰাত সিমান সফল হব পৰা নাই । যদিও অসম আন্দোলনৰ প্ৰভাৱত মেখেলাৰ প্ৰৱেশ ঘটে । যিটো আগতেও উল্লেখ কৰা হৈছে । পিছে সময় সলনি হল। কোচ সকলৰ জীয়াই থকাৰ সংগ্ৰামখনৰ ৰণকৌশলো সলনি হল । মনু সংহিতাৰে পৰিচালিত সমাজত সসন্মানে জীয়াই থকাৰ উদ্দেশ্যেৰে আৰম্ভ কৰা ক্ষত্ৰিয় আন্দোলনে এইবাৰ বিপৰীত দিশত গতি কৰিলে । ১৯১২ চনত ক্ষত্ৰিয় আন্দোলনৰ জৰিয়তে ক্ষত্ৰিয়ৰ মৰ্যদা পোৱা ৰাজবংশী সকলৰ নেতা পঞ্চানন বৰ্মাই ১৯৩২ চনৰ ১৬ আগষ্টত বৃটিছ চৰকাৰৰ দ্বাৰা ঘোষণা কৰা Communal এৱাৰ্ড জৰিয়তে পোৱা দিপ্ৰেচ ক্লাছত ক্ষত্ৰিয় নেতা পঞ্চানন বৰ্মাই ৰাজবংশী সকলকো অন্তৰ্ভুক্ত কৰিলে। সেই সময়তেই বাবা চাহেব আম্বেদকাৰৰ দ্বাৰা ভাৰতৰ নিপিৰীত শোষিত বঞ্চিত শ্ৰেণীৰ মানুহৰ বাবে separate electoral গঠন কৰাৰ প্ৰস্তাৱ ৰখা হয় । যত এজন ডিপ্ৰেছ ক্লাছৰ মানুহে দুটা ভোট দিয়াৰ অধিকাৰ থাকে। এটা তেওঁলোকৰ ডি লপ্রেছ ক্লাছৰ প্ৰতিনিধি আৰু আনজন সাধাৰণ শ্ৰেণীৰ পাৰ্থী । কিন্তু উচ্চ বৰ্ণৰ দ্বাৰা পৰিচালিত কংগ্ৰেছ দলৰ নেতা মহাত্মা গান্ধীয়ে ইয়াৰ বিৰুদ্ধে আমৰণ অনশন আৰম্ভ কৰে । তেতিয়া গান্ধীজীৰ প্ৰাণ ৰক্ষাৰ বাবে বাবা চাহাবে separate electoral ৰ পৰিকল্পনাক স্থগিত ৰাখিব লগীয়া হয় । গান্ধীজী আৰু বাবা চাহেবৰ মাজত এইদৰে বুজাবুজি হয় যে যদি ভাৰতৰ নিৰ্যাতীত দলিত, অধিবাসী সকলৰ বাবে যি separate electoral ৰ প্ৰস্তাৱ ৰখা হৈছে সেয়া বাবা চাহেব আম্বেদকাৰে প্ৰত্যাহাৰ কৰিব কিন্তু তাৰ বিনিময়ত দলিত, আদিবাসী সকলৰ বাবে আসন সংৰক্ষণ কৰিব লাগিব । পিছত এই খনেই বিখ্যাত পুনা চুক্তি নামে জনাজাত হয় । ১৯৪৬ চনত সংবিধান সভাত যোৱাৰ বাবে যি নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল তাত বাবা চাহেব আম্বেদকাৰৰ দ্বাৰা গঠিত Scheduled caste federation নামৰ সংগঠনে সমগ্ৰ ভাৰততে নিৰ্বাচনত অংশগ্ৰহণ কৰি একমাত্ৰ বেংগলৰ যোগেন্দ্ৰ নাথ মণ্ডলৰ বাহিৰে অইন সকলোৱে পৰাজয় বৰণ কৰিব লগীয়া হয় । যাৰ বাবে বাবা চাহেবৰ সংবিধান সভাত মনোনীত হোৱাৰ সপোন ভংগ হয় । তেনে সময়তে ৰাজবংশী ক্ষত্ৰিয় সমাজৰ দুজন পাৰ্থী ক্ৰমে ক্ষেত্ৰনাথ সিংহ কংগ্ৰেছ দলৰ পৰা আৰু ক্ষত্ৰিয় সমিতিৰ সমৰ্থিত স্বতন্ত্ৰ পাৰ্থী নগেন্দ্ৰ নাৰায়ণ ৰায় ডাঙৰীয়াই বেংগলৰ অইন পাছজন সদস্যৰে সৈতে লগ হৈ বাবা চাহেব আম্বেদকাৰক মনোনীত কৰি সংবিধান সভালৈ পঠিয়ায়। ইয়াৰ পিছত বাবা চাহেব সংবিধান নিৰ্মাণ সমিতিৰ চেয়াৰ্মেন হিচাবে ঠাই পায় আৰু তাৰেই ফলস্বৰূপে আজিৰ ভাৰতীয় সংবিধানত ST,SC আদিৰ দৰে সংৰক্ষণ ব্যৱস্থাই স্থান পাবলৈ সক্ষম হৈছে । এইদৰে ব্ৰিটিছ ভাৰতৰ ৰাজবংশী সকলে উচ্চ - নীচ ভেদ ভাৱৰ পৰা পৰিত্ৰাণ পোৱাৰ্থে প্ৰথমে ক্ষত্ৰিয় আন্দোলন কৰিলে আৰু শেষত আম্বেদকাৰৰ দৰে ক্ষত্ৰিয় ধাৰণাৰ পৰিপন্থী ব্যক্তিক নিৰ্বাচিত কৰি বিপৰীত দিশত অৱস্থান কৰিলে ।

সেয়েহে ১৯১২ চনত কোচ আৰু ৰাজবংশী পৃথক বুলি ব্ৰিটিছ চৰকাৰৰ জনগণনাত স্বীকৃতি আদায় কৰা ক্ষত্ৰিয় সংগঠনে ১৯৪০ ৰ দশকত কোচ ৰাজবংশী ক্ষত্ৰিয় এই তিনিটা শব্দ একত্ৰিত কৰি পুনৰ নিজৰ জনগোষ্ঠীৰ বাবে ৰাজনৈতিক সামাজিক , সাংস্কৃতিক আন্দোলনত জঁপিয়াই পৰিলে। ১৯৫৩ চনত স্বাধীন ভাৰতত প্ৰথমখন স্মাৰক পত্ৰ যেতিয়া এই কোচ ৰাজবংশী ক্ষত্ৰিয় সমিতিয়ে চৰকাৰলৈ প্ৰেৰণ কৰে তাত এনেকৈ উল্লেখ কৰিছে যে -

With request you will be good enough to recommend to the president the claim to the koch casts formerly a tribe at present known by three names koch,Rajbanshi & Rajbanshi - Kshatriya for inclusion in the list of the backward classes and for according special treatment for their upliftment in the lines of the treatment of scheduled castes and scheduled Tribes.

১৯৬৭ চনৰ পৰা এই কোচ ৰাজবংশী সন্মিলনীয়ে জনজাতিকৰণৰ মৰ্যদা বিচাৰি আন্দোলন তীব্ৰতৰ কৰিলে আৰু নিজৰ সাংস্কৃতিক পৰিচয় অক্ষুণ্ণ ৰাখিবলৈ ১৯৮৫ চন মানৰ পৰা কোচ মহিলাৰ জাতীয় পোছাক বেহৰ ফুলিয়া (হালধীয়া) পাটানী খনক শুভ ৰঙৰ বুলি অধিক প্ৰচলনত আনিলে । ১৯৯২ চনৰ পৰা অসমত কোচ ৰাজবংশী ক্ষত্ৰিয় সমিতীৰ ঠাইত এক নতুন যুব সংগঠন আক্ৰাছুৰ উকমুকণি আৰম্ভ হল । এই ছাত্ৰ সংগঠনে হালধীয়া গামচা আৰু হালধীয়া পাটানীৰ প্ৰচাৰ অধিক তীব্ৰতৰ কৰি তুলিলে। আক্ৰাছুৰ এজন গুৰি ধৰোঁতা শ্ৰী হৰমোহন মেধী ডাঙৰীয়াৰ মতে হালধীয়া ৰঙৰ গামোচা হেনো ৰাজবংশী সমাজৰ বিয়াত ব্যৱহাৰ হৈছিল । সেই গতিকে হালধীয়া ৰঙৰ গামোচা খনকেই জাতীয় গামোচা বুলি সংগঠনৰ প্ৰতিনিধিয়ে সভাই সমিতিয়ে অধিক ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু লাহে লাহে ই জনমানসত প্ৰচাৰ লাভ কৰিব ধৰিলে । ধুবুৰী জিলাৰ গৌৰীপুৰ , গোলকগঞ্জ , আগমনী , হালাকুৰা আদি ঠাইৰ বয়সিয়াল সকলৰ মুখত আজিও হালধীয়া গামোচা মানে আক্ৰাছুৰ গামোচা বুলি কোৱা শুনা যায় ।

১৯৪৯ চনৰ ২৮ আগষ্ট তাৰিখে কোচ সকলৰ স্বাধীন স্বতন্ত্ৰ ৰাজ্য ভাৰত ভুক্তি চুক্তিৰ দ্বাৰা ভাৰতৰ এখন গ শ্ৰেণীৰ ৰাজ্য ৰূপে পৰিগণিত হয় আৰু ১৯৫০ চনৰ ১ জানুৱাৰী তাৰিখে অতি চক্ৰান্তৰে কোচ বেহাৰ ৰাজ্যক পশ্চিম বংগৰ এখন জিলা ৰূপে ঘোষণা কৰে । ১৯৫৩ চনত ভাষা ভিত্তিক ৰাজ্য হিচাপে অন্ধ্ৰপ্ৰদেশ গঠন হয় আৰু অসমৰ পৰা গৌৰীপুৰ জমিদাৰীৰ উত্তৰাধিকাৰী সন্তোষ বৰুৱাৰ নেতৃত্বত প্ৰকৃতেশ বৰুৱা চিদলীৰ ৰজা অজিৎ নাৰায়ণ প্ৰমুখ নেতৃবৃন্দই ১৯৫৫ চনত কামতাপুৰ ৰাজ্য পুনৰ গঠনৰ বাবে ৰাজ্য পুনৰ গঠন কমিচনৰ ওচৰত দাবী জনায় । ইয়াৰ পিছত চিদলীৰ ৰজা অজিত নাৰায়ণে উত্তৰ বংগৰ ড: গীৰিজা শঙ্কৰ ৰায়ৰ সৈতে লগ হৈ ১৯৬৭ চনত জলপাইগুৰী জিলাৰ ময়নাগুৰীত "কামতাপুৰ ৰাজ্য সংগ্ৰাম পৰিষদ” নামৰ সংগঠনৰ জৰিয়তে পৃথক কামতাপুৰ ৰাজ্য গঠনৰ বাবে দাবী জনায় । এই সংগঠনৰ আন সদস্যসকল আছিল , গৌৰীপুৰ জমিদাৰ প্ৰকৃতেশ বৰুৱা , শিবেন্দ্ৰ নাৰায়ণ মণ্ডল , ট্ৰেড ইউনিয়ন নেতা বিপিন চক্ৰৱৰ্তী আদি ।

একেই দাবীত গঠন হয় উতজাস ১৯৭৮ চনত , অসমৰ ধুবুৰীত তেজপুৰৰ প্ৰাক্তন MP ড: পূৰ্ণনন্দ সিংহৰ নেতৃত্ব জন্ম গ্ৰহণ কৰে BKRKM ১৯৮৪ চনত , কোচ বিহাৰৰ ৰাজ কন্যা গায়েত্ৰী দেৱীৰ উপস্থিতিত গঠন হয় কোচ - ৰাজবংশী ইণ্টাৰনেচনেল ।

১৯৮৬ চনত ধুবুৰী জিলাৰ গৌৰীপুৰত ভাৰতীয় কামতা ৰাজ্য পৰিষদ নামৰ এটা ৰাজনৈতিক সংগঠন আৰু এই দৰে AKSU, KLO, শেষত ছাত্ৰ সংগঠন AKRSU এ অসমত পৃথক ৰাজ্য কামতাপুৰ আৰু কোচ সকলৰ বাবে জনজাতিকৰণৰ দাবীত অসমৰ আকাশ-বতাহ কঁপাই তোলে । ১৯৬৭ চনৰ পৰা কোচ - ৰাজবংশী ক্ষত্ৰিয় সমিতিয়ে চলাই অহা জনকাতিকৰণৰ আন্দোলন ১৯৯০ দশকত জন্ম যোৱা ছাত্ৰ সংগঠন আক্ৰাছুৰ দ্বাৰা তীব্ৰ ৰূপ ধাৰণ কৰে আৰু ২০০৫ চনৰ পৰা সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে কোচ মহিলাৰ জাতীয় পোছাক পাটানীৰ অধিক হাৰত প্ৰচাৰ হব ধৰে ।

২০১১ চনত নেপালৰ ঝাপা জিলাত SORA নামৰ সংগঠৰ দ্বাৰা আয়োজিত কৰা মিছ ৰাজবংশী আধুনিক ফেশ্বন প্ৰতিযোগিতাত পাটানীকখন বিশেষ স্থান পোৱাৰ বাবে, তেতিয়াৰে পৰা অসম বেংগলত বসবাস কৰা কোচ সকলৰ মাজত জাতীয় পোছাক পাটানি আধুনিক পোছাক হিচাপে পৰিগণিত হবলৈ ধৰিছে । এইদৰে একবিংশ শতিকাত যত সমগ্ৰ বিশ্ব এটা পৰিয়াললৈ ৰূপান্তৰিত হব ধৰিছে তেনে এক সময়ত কোচ সকলৰ মাজত জাতীয়তাবোদ উদয় হোৱাৰ বাবেই হওঁক বা সামাজিক ৰাজনৈতিক উত্থানৰ আন্দোলনৰ বাবেই হওঁক কোচ মহিলাৰ পাৰম্পৰিক পোছাক পাটানিৰ যি হাৰত প্ৰচলন আৰু প্ৰচাৰ হব ধৰিছে , এয়া কোচ সকলৰ বাবে ভাল খবৰ হলেও ওচৰ চুবুৰীয়া কিছু জনগোষ্ঠীৰ বাবে সঙ্কাৰ কাৰণ হৈ পৰিছে ।

বিশেষকৈ চুবুৰীয়া বড়ো সকলক সততে কোৱা শুনা পোৱা যায় যে কোচ সকল হেনো তেওঁলোকৰ মহিলাৰ জাতীয় পোছাক দখনাখনক নকল কৰি পাটানী সজাইছে । কোচ সকলৰ বিষয়ে নজনা বহু জনগোষ্ঠীয়ে এতিয়া বড়ো সকলৰ পৰা শুনা ভ্ৰান্তিমুলক এনে ধৰণৰ কথা বিশ্বাস কৰিবলৈ লৈছে । সেয়েহে সামাজিক মাধ্যম আদি ঠাইত কোৱা শুনা যায় যে কোচ সকল হেনো নকল কৰা জাতি । এই ক্ষেত্ৰত দেশ বিভাজনৰ পিছত কোচ ৰাজ্যৰ এক অঞ্চল ৰংপুৰ আদি ঠাইৰ পৰা অহা ৰাজবংশী সকলো কম দায়ী নহয় । অৱশ্যে অকল ৰাজবংশী বা কোচ সকলৰ কিছুমানেই যে উক্ত অঞ্চল বোৰৰ পৰা আহিছে তেনে নহয়, দেশ বিভাজনৰ আগত আৰু পিছত বড়ো সকলেও অৰুণাচল , বেংগল, ডিমাপুৰৰ পৰা প্ৰবজন কৰি আহি আছে । যি সময়ত কোচ সকলে জনজাতিকৰণৰ আন্দোলন কৰি বুকুত গুলি পাতি লব লগীয়া হৈছে তেনে সময়তো ৰংপুৰৰ পৰা অহা কিছু ৰাজবংশী মহিলাই নিজৰ পোছাকৰ পৰিবৰ্তে শাৰী পিন্ধিয়েই আছে । ইয়াৰ বাবে যে অকল ৰংপুৰৰ পৰা অহা সকলৰ দায়ী সেয়া নহয় । জাতিৰ নামত আন্দোলন কৰা নেতা আৰু জাতিৰ স্বঘোষিত বুদ্ধিজীৱী সকলো সমানে দায়ী । তেওঁলোক সমাজৰ আৰু জাতিৰ পুনৰ গঠনৰ পৰিবৰ্তে নিজৰ মাজতে খোৱা কামোৰা কৰি ব্যস্ত থকা পৰিলক্ষিত হয় । তেনেকুৱা কিছু মৌন দৰ্শকৰ ভূমিকা লোৱা বুদ্ধিজীৱীৰ সুযোগ লৈয়ে তেওঁলোক প্ৰায়েই ৰাজবংশী সকল শাৰী পিন্ধা জাতি বুলি ইতিকিং কৰা দেখা যায় । যাৰ ফলত দুই ফলত সমাজত মাজত বিশৃঙ্খল পৰিবেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা দেখা দিব পাৰে । সেই বাবে তলত ৰাজবংশী সমাজৰ বিভিন্ন গীত, প্ৰবচন, আৰু ইতিহাসৰ পাতত কিদৰে জাতীয় পোছাক পাটানীখন সন্নিৱিষ্ট হৈ আছে তাক দেখুৱালৈ যত্ন কৰা হ'ব ।

আমি প্ৰথমতে জানি লোৱা ভাল হব যে, কোচ সকলে যিখন পোছাকক নিজৰ বুলি দাবী কৰে সেইখনৰ নাম দখনা নহয় পাটানী বা ফোতা হে‌‌ হয় । এটা জাতিয়ে নিশ্চয় ৰাতিৰ ভিতৰতেই অইন জনগোষ্ঠীৰ পোছাকৰ নকল কৰি নিজৰ বুলি দাবী কৰিব নোৱাৰে । পাটানী শব্দটো ৰাতিৰ ভিতৰতেই আলোচনা কৰি থিৰাং কৰা বিধৰো হোৱা অযুক্তিকৰ । বৰঞ্চ বড়ো সকলৰ দখনা শব্দতকৈ কোচ সকলৰ পাটানী শব্দৰ‌‌ উল্লেখ পুৰণি বুলি অনুমেয় হয় ।

কামৰূপৰ কাপোৰ পিন্ধা পুৰণি ধৰণ - কামৰূপৰ পুৰণি কাপোৰৰ উল্লেখ সৰ্ব প্ৰথমে ১৬ শতিকাত কবি মনকৰৰ দ্বাৰা ৰচিত মনসা কাব্যত এইদৰে পোৱা যায় -

"পদ্মাৰ গাৱে পৰে বেউলাৰ পাটানিৰ পানী ,
পদ্মাই বোলে খাক স্বামী তাৰ কাল নাগিনী।"
(চৌধুৰী অম্বিকাচৰণ ,কোচ - ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি , পৃষ্ঠা ১২ ,
প্ৰথম প্ৰকাশ ১৯৬৯, তৃতীয় প্ৰকাশ ২০১১ )

১৮০৯ চনৰ পৰা ১৮১০ চনলৈ বৃটিছ বটানিকেল ড০ ফ্ৰাঞ্চিচ বুকাননে বৰ্তমানৰ পূৰ্ণীয়া জিলাৰ উত্তৰত মহিলা সকলে কামৰূপৰ পুৰণি ধৰণত কাপোৰ পিন্ধা দেখা পায় । আমি সকলোৱে জানো যে সেই অঞ্চল বোৰত আজিও কোচ সকল বসবাস কৰে ।

Silk is a good deal used, but Erandi and Mekhli are less in use than towards the east. The Brahmans wear a good deal of a reddish cotton cloth somewhat resembling Nankeen, and called Kukti. In the northern parts of the district many of the women dress after the old fashion of Kamrup; but in other parts they are more fully covered. red. Both men and women are more fully clothed in winter than in Dinajpur and Ronggopur; and a greater sharpness in the air renders this necessary, and would even require a much greater addition than is allowed. I do not indeed know whether the people here do not on the whole suffer more from cold than in those districts, there being a very essential difference in the temperature. Yet of even the lower classes most are provided with a wrapper of cotton cloth quilted, or with a blanket or piece of sackcloth, and of the higher all use quilts of silk or chintz either as a coat or wrapper. In summer the lower classes of men go nearly naked.
(An Account of The District of purnea , Francis Buchanan Hemilton,Page-142 ,1809-10)

একেই কথা হেমিলটন চাহাবে ৰংপুৰৰ ক্ষেত্ৰতো ব্যৱহাৰ কৰে যে , দিনাজপুৰ জিলাৰ দৰে এই জিলাতো কামৰূপৰ পুৰণি কাপোৰ (পাটানী ) পিন্ধে যিটো মাৰ্টিনে ১৮৩৭ চনত প্ৰকাশিত কৰিছে -

COSTUME

Among the wealthy many kinds of European furniture, es-pecially chairs, bedsteads, framed prints, looking glasses, and lustres have come into great request; and whenever a Euro-pean leaves the place, and disposes of his furniture by public sale, such articles usually sell at a higher price than was given for them when new at Calcutta. The reason of this seems to be, that the natives not being yet judges of the arti-cles, trust to the skill of the European who had made the first purchase.

The dress and fashions here are nearly the same as in Dinajpoor, only a rather greater nakedness prevails among the men, and a greater proportion of the women retain the old fashion of Kamrup, which consists in covering themselves with a square piece of cloth (Patani), passed under the arms round the back, so as to cross before, where it is only se-cured by the upper corners being tucked in above the breast. In the north western part a great proportion is clothed with Megili, a coarse cloth prepared from the Corchorus (Pata), and in some parts a considerable proportion is clothed in Erendi, a coarse kind of silk. Cotton is however the mate-rial by far the most commonly used. More silk seems to be used here than in Dinajpoor, a great many women having a dress of that kind for high occasions. A very little also of the Muga silk imported from Asam, is used in the eastern parts of the district. The Muhammedan dress is every where used as the dress of ceremony; and every person who has a white jacket or robe, is considered as a gentleman, and is saluted by the passengers.

In the three northern divisions west from the Tista, the dress of the women is in general dyed, either in form of strips or chequered. In comparison with the unbleached dress of the other parts of the district, this looks to great advantage. It seems to have been the original fashion of the country, as it is in use among all the rude tribes. They are able to afford this luxury in consequence of all the women being weavers and dyers, trades for which the sex seems to be better fitted than men.
( Eastern India Montgomery Martin Report , Rangpur And Assam page , 490 , 1837)

এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে যে কামৰূপৰ পুৰণি পোছাক পাটানীখন আচলতে কোনে পিন্ধে! তেনেকুৱা এটা প্ৰশ্ন মনতলৈ অহা তেনে স্বাভাৱিক। এই বিষয়ে‌ জানিবলৈ জে,এইচ,ভাচ ডাঙৰীয়াৰ প্ৰতিবেদন পঢ়ো আহক।‌ তেও ৰংপুৰৰ মহিলা সকলৰ বিষয়ে লিখিছে যে -

All Rajhansi women wear the old Kamrup dress, which offers a marked contrast to the Bengal sari. It consists of a piece of coloured cloth, passed round the body, under the arms, reaching to the knees below and leaving the head and shoulders bare. The Mongol type is unmistakable in those portions of the district which he around Cooch Behar... ( Rangpur District Gazetter page number 40 , 1911)

কোচ বেহাৰ ৰাজ্যৰ পৰা প্ৰকাশিত এই দস্তাবেজ খনত লিখক হৰেন্দ্ৰ নাৰায়ণ চৌধৰী দেৱে ৰাজবংশী মহিলা সকলৰ বিষয়ে এই দৰে লিখিছে যে, তেওঁলোক কঁকালত পাটানী পিন্ধি বুকুত আগৰণ আৰি লয় ....

Both at home and abroad the women are better dressed. When at home, and for ordinary wear, they use a piece of cotton cloth called patani about 5 feet in length, which is wrapped round the body and tucked up above the breast so as to reach the knee. Among themselves and when employed on indoor work, this cloth is generally worn round the waist, the bust remaining uncovered. Young girls do not use the single patani, but have a small piece of eloth about a foot and a half in breadth, with which they cover their breast, while the patani is worn round the waist. When going ont two pieces of cloth as large as the paland are worn, one round the waist and the other round the breast. This latter is called agran. Girls and young women wear chaddars wrapped cross-wise round the bust. The holiday and festive attire of the females, especially of young women, is very gandy. Clothes coloured generally red and yellow, are put on, different colours being chosen for the patani and the agran. The Rajvansi women go without a veil. or any sort of covering for the head.
(The cooch Behar State its land Revenue and Settlement, page -135 , 1903 )

চিদলি অঞ্চলৰ এগৰাকী লেখিকা লিপি চৌধুৰী বাইদেউৱে লিখিছে যে -

এই অঞ্চলত এলাও সকলেৰ ঘৰত ততশাল থাকাটা দেখা যায়। প্রত্যেকজন কোচ-ৰাজবংশী মহিলাই নিজেৰ বেটী-ছাৱাক ছটোৰ পাৰি তাঁত-বাতি কাৰোৱা আৰো গৰাবা শিকিয়া এক প্ৰকাৰ তাঁহাতী কৰিয়া তুলে। এই তাঁতাতীসকলে নিজেৰ পছন্দৰ বেশভূষা নিজে নিজে গৰেয়া লয়। সাধাৰণতে পাটানি পাত ৰঙী হয় যদিও নানা ৰঙী পাটানিৰো প্ৰচলন দেখা যায়। পূর্বতে কোচ-ৰাজবংশী সকলেৰ বিয়াত কইনাক পঞ্চবর্তী পাটানি পিন্ধোৱাটা সামাজিক দস্তুৰ যাছিল। এই পঞ্চৰঙী পাটানি ৰঙেৰ এক বিশেষ সমাহাৰ। পাটানিৰ উপৰত বুকত লোৱা উৰণাখানক আগৰণ বুলিয়া কোৱা হয়। এই উৰণাখন পাটানিৰ ৰঙেৰ লগত মিলিয়িা পছন্দ নতে গৰেয়া লয়।( বিষমাও ,স্মৃতি গ্ৰন্থ বিষুৱ উপলক্ষে, জাউজীয়া মাড়েয়া, লিপি চৌধুৰী আৰু ৰূপা ৰায়,পৃষ্ঠা -১৯ - ২০০৮)

গোৱালপাৰা জিলা আৰু মেঘালয় ৰাজ্যৰ মধ্যসীমাৰ টিক্ৰীকিল্লা ঠাইৰ নিছে কাষৰ এখন গাঁও গুৰিয়াধাপ ইয়াৰে এজন শিক্ষিত সমাজ সেৱক তথা শিক্ষক অভিনাশ বৰ্মন ডাঙৰীয়ায় তেওঁলোকৰ অঞ্চলৰ কোচ মহিলা সকলৰ পাটানী সম্পৰ্কে এই দৰে লিখিছে যে -

ৰাজবংশী নাৰী সমাজে যেইখান বস্ত্ৰ কমৰত পিন্ধে ঐ খানক পাটানী বা পাটাই বুলিয়া কয়। এইখানেৰ মাপ আছে যেমুন দীঘলীয়া ছাৰে সাত ফুট আৰু পাইথালি ছাৰে তিনি ফুট হয়। সুবিধা মতে এব মাপ কম-বেছিও হয়। এই পাটানীখান নানান ৰঙেৰে সুতা দিয়া বানায়, যিংকা লালপাটানী, টিয়াকালাপাটানী, ঝিলকাকালা, হলদীয়া, সাইসাফুলি, বতল কালা, কালা, ধলা ইত্যাদি। পাটানীখানেৰ ক'তো গুলা অংশ থাকে যেমুন দই দোৱাৰত থাকে কান্টিৰ দোৱাৰ, থােকা, পুলি, পাৰি পুলি, থোকা, ঝুৰি, ফাক, সেউটীয়া, ফাক, ছিৰা-বাঙা, ফাক, চাইৰ ডালি বা তিন জালি বিনাপাতি, ফাক, ছিৰা ৰাঙা, ফাক সেউটীয়া আৰো মাজেৰ অংশটোক পাটানী খানেৰ গাও কয়। পাটানীখান যুদি ফাৰি যায় তাহেলে ফেলে নাদিয়া এৰ দুই মাথা শিলাই কৰি যোৰা দেয়, ইয়াক ডুমৰা পাটানী বুলি কয়। এই ডুমবা পাটানী অনেক দিন পিন্ধে। ডুমৰা কান পাৰি গেইলে তেনা হয়।

(স্মৃতিগ্রন্থ আগৰণ ৫১৫ তম্ বিশ্ব মহাবীৰ চিলাৰায় দিবস আৰু গোৱালপাৰা জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ একবিংশতিতম বার্ষিক অধিবেশন, ১১ আৰু ১২ ফেব্রুৱাৰী, ২০২৫ ইং সম্পাদক ,ৰঞ্জিত কুমাৰ ৰায় পৃষ্ঠা - ৪৭)

এই প্ৰবন্ধৰ আৰম্ভণিতেই আমি আলোচনা কৰি আহিছোঁ যে কিদৰে বৰ্ণবাদৰ অত্যাচাৰৰ পৰা নিজকে বচাবলৈ ৰাজবংশী সকলে ক্ষত্ৰিয় আন্দোলন কৰিব লগীয়া হৈছিল । এই ক্ষত্ৰিয় আন্দোলনৰ সময়ত যিসকল ভিতু ৰাজবংশী পুৰুষ নিজৰ দ্বায়িত্বৰ পৰা আঁতৰি আহিছিল তেওঁলোকৰ বাবে ডাংধৰী মাও নামৰ কবিতাৰ জৰিয়তে ৰাজবংশী মহিলাৰ পোছাক পাটানী পিন্ধা পুৰুষ বুলি ইতিকিং কৰা দেখা যায় ।

"ডাংধরী মাও কোন্ধে হাফিয়া, সাইমন যাররা ধার।।
'বেটা ছাওয়ার প্রতি' ডাংধরি মাও
'ছিকো ছিকো' রে মরা বেটা ছাওয়া ধিক ধিক তোরে ধিক।
মাও বইনোক তোর নুচ্ছা নিগায়, তেঁও থাকিস তুঞি ঠিক?
মরদ মরদ কহলাইস খালি, কেমন তোর মর্দ্দদানী?
পাথার বাড়ী হাতে আসি, খালি মাইঞার আগত কেরদানী?
লাজ নাই তোর, হিয়াও নাই তোর, বল নাই তোর ধরে।
এই বাদে তোক টেপো বউ, ছিকো ছিকো করে।।
পাটানি পিন্দা বেটা ছাওয়া টেপো বউ, তোেক কইছে
ভুল করিয়া টেপো বউ তোক বেটা ছাওয়া মানিছে?
এইতো হামেরা বেটী ছাওয়া, হামারো হিয়াও ভাল্।"
(পৃষ্ঠা - ৫০
ঠাকুৰ পঞ্চানন বৰ্মাৰ জীৱন চৰিত ।
লেখক - শ্ৰী উপেন্দ্ৰ নাথ বৰ্মন।
প্ৰথম প্ৰকাশ -১৩৭৯ সন
চতুৰ্থ সংস্কৰণ -১৪০৮
প্ৰকাশক শ্ৰী শিবেন্দ্ৰ নাথ ৰায়
জলপাইগুৰী,দেশ বন্ধু পাৰা)

১৯৪০ ৰ দশকত যেতিয়া অসমীয়া জাতীয়তাবাদী শক্তিয়ে অসমৰ অন্তৰ্গত থকা ঐতিহাসিক কোচ ৰাজ্যৰ অংশ গোৱালপাৰা জিলাক অসমৰ অংগ বুলি দাবী কৰিছিল তেতিয়া ধুবুৰী জিলাৰ গৌৰীপুৰ অঞ্চলৰ ক্ষত্ৰিয় নেতা শিবেন্দ্ৰ নাৰায়ণ মণ্ডলে এই অঞ্চলৰ সংস্কৃতি অসমীয়া সকলৰ দৰে নহয় বুলি কবলৈ গৈ কৈছে যে -

৬. কামরূপ অঞ্চলে মেখলার ব্যবহার আছে। গোয়ালপাড়ায় ছিল না। ও নাই। ইতিপূর্ব্বে যখন গৃহ নির্মিত কাপড় ব্যবহার হইত, তখন মেয়েরা দুখানা কাপড় ব্যবহার করিত। একখানি কোমরে পরিত তাহার নাম পাটানি আর একখানি বুকে বাঁধিত তাহার নাম আঘুরণ।

ইহার বহু পূর্ব্বের কথা। দশহাতি সাড়ী, যে যোগাড় করিতে পারিত, সে ঐ সাড়ী খানিই সমস্ত শরীর আচ্ছাদন করিয়া পরিত। কোন সামাজিক স্থানে যাইতে হইলে একখানি চাদর মস্তক ঢাকিয়া গায়ে দিত ঐ চাদরের নাম ছিল দোপাটী।
(মনিষী পঞ্চাননেৰ ক্ষাত্ৰ আন্দোলন অনালোচিত অধ্যায়,ড০ দীপককুমাৰ ৰায় পৃষ্ঠা ৭৮,২০১৩ )

আমি সকলোৱে জানো যে ৰাজবংশী সমাজত অনাবৃষ্টি হলে এই সমাজৰ বয়সীয়াল মহিলা সকলে হুদুম নামৰ এক পুৰুষ বৰ্জিত এক পূজা আয়োজন কৰে এই হুদুম পূজাৰ গানতো পাটানী‌ শব্দয় স্থান পাইছে । যেনে -

"হিল হিলাচ্ছে কমৰটা মোৰ শিৰ শিৰাচ্ছে গাঁও।
কোন ঠেকেনা গেলা এলা হুদুমাৰদেখা পাও।
পাটানীখান পড়েছে খসিয়া।
আইসেক ৰে হুদুমা দেওয়া।
তোৰ বাদে মুই আছো ৰে বসিয়া।
ডিংসল সল কমৰটা।
তাতে নাই মোৰ ভাতাৰটা।
কাৰোঁ কি মুই কাঁয়বা কয়
কোনটে গেলে দেখা হয়।
দেখা হ'লে দেহাটা জুড়ায়।”
( হাকাচাম, ড উপেন ৰাভা , হুদুম দেও : নামনি অসমৰ অন্যতম বৃষ্টি আনয়নৰ উৎসৱ । চকাথাৰায় স্মৃতি গ্ৰন্থ , মেঘালয় কোচ সন্মিলন , পৃষ্ঠা - ১, ২০১৭)

এই সংস্কৃতি অকল নামনি অসমৰ নহয় । কোচ ৰাজ্যৰ ৰাজধানী জিলা কোচ বেহাৰতো সেই‌ একেই পূজাৰ গান‌ পাটানী‌‌ শব্দৰ উল্লেখ পোৱা যায়‌‌ । এই‌‌ সম্পৰ্কে সুবল চন্দ্ৰ বৰ্মণ দেৱে এনেদৰে লিখিছে যে -
কোচ-রাজবংশী সমাজের মহিলারাই সাধারণত এর পূজা ও গান করে থাকেন। হুদুম দেও-এর পূজার সময় যে সব গান গাওয়া হয় তার একটি গানের নমুনা এখানে তুলে ধরা হল

হিড় হিড়াইচেদ্যাওয়াটা মোর
শির শিরাইচে গাও।
কোনটে কোনা গেইলে এলা মুই হুদুম দ্যাওর দেখা পাও।
হুদুম দ্যাও দেখা দেও আসিয়া রে।
হিল হিলাইচে কোমরটা মোর শির শিরাইচে গাও।
কোনটে গেলু গোলামের বেটা হুদুম
একবার আসিয়া যাও।
হুদুম দ্যাও দেখা দেও আসিয়া রে।
পাটানী দুইখান মোর পরিছে খসিয়া
আউলাইছে মোর খোপাটা।
হুদুম দ্যাও দেখা দেও আসিয়া রে।

(কোচ- ৰাজবংশী সংস্কৃতিৰ ৰূপৰেখা,সম্পাদক সুবল চন্দ্ৰ বৰ্মণ ,পৃষ্ঠা-১৬,২০১২)
ড০ দীপক কুমাৰ ৰায় ডাঙৰীয়াই ৰাজবংশী সকলৰ তুখ্যা গান সংগ্ৰহ কৰোতেও তাত পাটানী শব্দৰ উল্লেখ পাইছে । যেনে -
'ছাওয়ার বাদে জেংজেঙা গোজি মাইয়ার বাদে কিনেক মন তুই মালদই পাটানী।' (ৰাজবংশী সমাজ আৰো সংস্কৃতিৰ কাথা , দীপককুমাৰ ৰায় ,পৃষ্ঠা -৭৪ , ২০১২)

ওপৰৰ লিখনিৰ পৰা আপোনালোকে নিচ্ছিয়কৈ অনুমান কৰিব পাৰিছে যে , কোচ মহিলা সকলৰ জাতীয় পোছাক পাটানীখন ককালত পিন্ধি বুকুখন ঢাকিবলৈ আগৰণ নামৰ এখন কাপোৰ ব্যৱহাৰ কৰে । সেইখন মহিলাসকলে মেৰিয়াই পিন্ধে । সেই একেইখন পাটানী কেতিয়াবা বা বেছিভাগ সময় ঘৰুৱা কাম কৰোঁতে বা খেতি পথাৰত কাম কৰাৰ সময়ত বুকুত মেথনি বান্ধি পিন্ধা দেখা যায় । ইয়াক বহুতে ধেপৰ পিন্ধা বুলিও কয়। বহুতে আকৌ বুকুনি পিন্ধা বুলিও কয়।

সাধাৰণতে সৰু ছোৱালীয়ে বুকুত আগৰণ নলৈছিলে। কিন্তু তেওঁলোক যেতিয়া যৌৱন প্ৰাপ্ত হয় বা ঋতুমতি হয় তেতিয়া গাঁওৰ মহিলা সকলে দো কাপ্রা বুলি এটা অনুষ্ঠান আয়োজন কৰে আৰু ছোৱালীজনীৰ বুকুত আগৰণ পিন্ধাই দিয়ে । এয়াই হৈছে ঋতুমতি ছোৱালীৰ চিহ্ন। এই বিষয়ে হৰেন্দ্ৰ নাৰায়ণ চৌধৰী দেৱে লিখিছে যে -

The services of the Brahman priest are necessary at the marriage of the Rajvansi.
The girl is married while very young; in fact the first break- Age of ing of the teeth is regarded as the time after which she can be marriage given away in marriage.
The ceremony of do-kapra is performed when the girl arrives Do-lapra. at puberty. The young women of the neighbourhood assemble together, and tie a cloth called agran round the breast of the girl. From that day the girl is considered to be a woman.
(The Cooch Behar state it's land revenue and settlement, Page -145 -1903 )

ৰংপুৰ অঞ্চলত এই দো-কাপ্ৰাক লৈ ভাওৱাইয়া গানো আছে । যেনে -
ধীৰে বোলান গাড়ীৰে গাড়ীয়াল, আস্তে বোলান গাড়ী আৰ এক নজৰ দেখিয়া নেঙ মুই, দয়াৰ বাপেৰ বাৰী। মুই হনু যে দোকাপুৰি সিয়ানা হবাৰ অনেক দেৰি.......
(সংগ্রহ: গীদাল হিমাদ্রী দেউৰী, কোচবিহাৰ, তুফানগঞ্জ, নাণ্ডৰহাট, ২০২৪, ৮ চেপ্তেম্বৰ)
এই গানত কম বয়সীয়া কইনা এজনীয়ে গাড়ী চলোৱা চালক জনক গাড়ীখন অলপ লাহে চলাবলৈ অনুৰোধ কৰিছে, যাতে তেওঁ পিতৃৰ ঘৰখন কিছুদেৰি দেখিব পাৰে । আৰু কৈছে তেওঁ মাত্ৰ দো-কাপুৰি অৰ্থাৎ ঋতুমতি হৈছে ।

ফোতা

আগতেও কোৱা হৈছে যে পাটানীখনক অঞ্চল ভেদে ফোতা বুলিও কয়। বিশেষ কে ৰংপুৰ জিলাৰ উত্তৰ অঞ্চল যেনে ললামনিৰ হাট আৰু জলপাইগুৰি দাৰ্জিলিং জিলাৰ কিছু অংশত। আনহাতে নেপালত ইয়াক কয় পেটানী , বিহাৰৰ কিছু অঞ্চলত কাপা আৰু পেটানী বুলি কয়। লগতে কিছু কিছু ক্ষেত্ৰত গজি বুলিও উল্লেখ পোৱা যায়। ঠিক তেনেকৈ কোচ বিহাৰৰ পৰা যুদ্ধ কৰিবলৈ গৈ ৰৈ যোৱা ছিলচৰৰ কোচপুৰৰ ৰাজবংশী সকলে কয় দুখিলা। ১৯৩৭ চনত কোচ বেহাৰ ৰাজ্যৰ পৰা প্ৰকাশিত আৰু খাঁ চৌধুৰী আমানত উল্লা দেৱে লিখা কোচ বেহাৰৰ ইতিহাস নামৰ কিতাপত সেই অঞ্চলৰ মহিলা সকলৰ পোছাক সম্পৰ্কে আলোচনা কৰিবলৈ গৈ লিখিছে যে -
প্রাচীনকালে গৃহস্থালীর ব্যবহার্য্য ধাতুপাত্রক্রয়ের সামর্থ্য অতি অল্প লোকেরই ছিল। অলাবুর (লাউএর) থালা ও 'বশ' (কলস), মৃত্তিকানিৰ্ম্মিত হাঁড়ী, সরা, কলস, খালা ও ঘটী এবং বাঁশের 'খুরী' বা চোঙ্গ দরিদ্র লোকের ব্যবহারের পাত্র ছিল। স্বর্ণালঙ্কারের ব্যবহার কদাচ দৃষ্ট হইত; দরিদ্র অবস্থার স্ত্রীলোকেরা হাতে দস্তার খারু ও গলায় প্রবালের মালা এবং মধ্যবিত্ত অবস্থার মহিলারা রৌপ্যালঙ্কার পরিতেন। (সেকালের নারীরা 'বুকবান্ধনা' একখানা বস্ত্র, কেহ কেহ বা 'আগরণ' এবং 'ফোতা' নামক উপরে ও নীচে দুই খণ্ড বস্ত্র পরিতেন। সাধারণতঃ দরিদ্র পুরুষেরা 'লেঙ্গটা' এবং উন্নততর অবস্থার ব্যক্তিগণ হাঁটু পর্যন্ত ধূতি ব্যবহার করিতেন। এণ্ডির চাদরই ভদ্রলোকের উপযোগী শীতবস্ত্র ছিল; বনাত, শাল, তসর অথবা গরদের বস্ত্র উচ্চশ্রেণীর বিশেষ অবস্থাপন্ন লোক ব্যতীত সাধারণের ব্যবহারের সামর্থ্য ছিল না। তবে, রেশমী বস্ত্রের আমদানীর সংবাদ হইতে তাহাদের প্রাচীন ব্যবহার জানা যায়।
(চৌধুৰী, আমানাত উল্লা, কোচ বেহাৰেৰ ইতিহাস পৃষ্ঠা ৫৭ ,১৯৩৭))

Rajbanshis of North Bengal নামৰ বিখ্যাত কিতাপৰ লিখক ড0 চাৰু চন্দ্ৰ সন্যাল ডাঙৰীয়াই লিখিছে যে এই ফোতা ৰাজবংশী মহিলাৰ পোছাক.
Rajbansi woman is happy with her 'phota". This is a coloured cloth of five cubits long and 2 cubits wide. "This she ties just above the breast and it hangs down up to the knees. The two ends of the 'phota' are not sewn together. "It is an open cloth. Within the last ten years 'phota' is going out of the market. The village weavers have to close down their "business as requisite quantity of yarn is not being available at economic price so as to compete with the mill-made cloth. So "the pleasing 'phota' of variegated hue is now being largely replaced by the mill-made sari of any de-scription. It is not the custom to use a blouse for the body nor a petticoat under the cloth. The arms and hands are bare, the body above the breast remains uncovered and the legs and feet are exposed." - (The Rajbanshis of North Bengal, Charu Chandra Sanyal, Page No. 28,1965)
ৰাজবংশী সমাজত চোৰ- চুন্নী বুলি এটা পৰ্ব আছে । এই চোৰ - চুন্নীৰ গানত এইদৰে ফোতাৰ উল্লেখ পোৱা যায় । যেনে -
"মোৰ যে এ্যকনা ফতায় সাৰ
গাও ধুলে নাই পিন্ধিবাৰ
যা কেনে তুই ওগে চৰা
চুৰি কৰিবাৰ ।"
(প্ৰান্ত উত্তৰ বঙ্গেৰ লোকো সংগীত, ড০ নিৰ্মলেন্দু ভৌমিক, পৃষ্ঠা ১৬৬, ১৯৭৭)
"আগা ঘরের ভোজি গে কিতানে ডাকালো গে আয় গে ভোজি ঘরে সন্দা কিনিয়া দিম তোক্ নালমনির ফতা।"(জিলা দাৰ্জিলিং)
"সৈস্যাফুলি জাঙিয়া ডেডেংকালী কালো দেখিবার বড় ভালো কলের ফতা বেশি ঢক মইধ্যোধান ঠক্ ঠক্ ঐখান যুদি সাজাও গে চুন্নি ক্যামন হোবো তুই ঢক।"( জিলা জপাইগুৰি)
(ৰাজবংশী সমাজ আৰো সংস্কৃতিৰ কাথা , দীপক কুমাৰ ৰায় ,পৃষ্ঠা -৭২ ,২০১২)
ৰাজবংশী সকলে গোৱা হোলিৰ গীততো ফোতা আৰু গজিৰ উল্লেখ পোৱা যায় ।যেনে -
"ওকি ও মরি রে
যতো সোদোর যুক্তি করি গাও ধচে নদী যায়া ফতা গোজি খসে থুইয়া জলত নামিলেক যায়া
কোনঠে কেনার বাওডালি আসিল দুম্ দুম্ শব্দ করিয়া ফতা গজি নিগাইল উড়িয়া।"
(প্ৰান্ত উত্তৰ বঙ্গেৰ লোকো সংগীত, ড০ নিৰ্মলেন্দু ভৌমিক, পৃষ্ঠা ১৬৬, ১৯৭৭)
'চিনু চিনু নাগেছে বাপোই কি ভানি তোর নাম
ঠিক করিয়া কহছিনি বাপোই তোর ফতার কত দাম।’
(প্ৰান্ত উত্তৰ বঙ্গেৰ লোকো সংগীত, ড০ নিৰ্মলেন্দু ভৌমিক, পৃষ্ঠা ১৬৬, ১৯৭৭)
ৰাজবংশী সকলৰ মদন কাম পূজাৰ গানত ফোতাৰ উল্লেখ আছে ।
যেনে -
"কুরুত ড্যাডে ন্যাডেং ড্যাং মদনকাম।
হেলুক তোর বাঁশের আগাল, ফাটুক তোর পরান, কুরুত ড্যাড্ডেন্যাডেং ড্যাং মদনকাম। হর দ্যাখ মোর
পুতুলা বেটা, আট আনা দিয়া আনিলুং ফোতা, কুরুত ড্যাড্ডে ন্যাডেং ড্যাং, মদনকাম।
বাছুর বান্দা দড়ি রে ভাই,
ছাগল বান্দা দড়ি,
আইসো হ্যায় চেংগিরিলা পেমালিঙ্গন করি।"
কুরুত ড্যাডে ন্যাডেং ড্যাং মদনকাম।
( কোচ - ৰাজবংশী সাংস্কৃতিৰ ৰূপৰেখা ,সম্পাদক সুবল চন্দ্ৰ বৰ্মণ,পৃষ্ঠা - ১৪,১৫ ,২০১২)

বুকুনি

Rajbangshis of North Bengal নামৰ কিতাপত লিখক চাৰু চন্দ্ৰ সান্যাল ডাঙৰীয়াই কৈছে যে, ৰাজবংশী ধনী মহিলা সকলেও বুকুনি পিন্ধিহে ভাল পায় । সেয়েহে প্ৰবাদ আছে যে -

হাজাৰ টাকাৰ কুচুনী।
তাও বান্ধে বুকুনী।

( The Rajbansis of North Bengal ,চাৰু চন্দ্ৰ সন্যাল, পৃষ্ঠা নং ২৮, ১৯৬৫)
Risley চাহাবে তেওঁৰ কিতাপত ৰাজবংশী মহিলাৰ পোছাক সম্পৰ্কে আলোচনা কৰিবলৈ কৈছে যে -
The Rajbansi women, whose cast of feature is singularly homely and rough-hewn, leave the head uncovered and wear a dress in which blue or purple invariably predominates, reaching only to the knee and bound over the bosom, leaving both shoulders bare in a fashion not seen among other people in Bengal; while the ornaments of the head and limbs recall those worn in Southern India. Their language, however, is only Bengali, and they have no separate dialect or patois. That their adhesion to Hinduism is comparatively recent is shown by their own customs as regards burial, food and marriage, as well as by the existence of the Dhimal, who might be defined as a non-Hinduised Kochh or Rájbansi among them and beside them."(Risley,H,H Tribe and Cast of Bengal ,Page-491-492,1891)
জলপাইগুৰি জিলাৰ গেজেটত গ্ৰুনিং চাহাবে ১৯১১ চনত কৈছে যে -
The Rajbansi women, few of whom have the least pretence to be considered good-looking, leave their heads uncovered and wear a cloth or sari reaching only to the knees and bound over the bosom, leaving both shoulders bare, much in the same fashion as the Assamese. Among the Rajbansis, girls are generally married' at the age of 12 or 13; the preliminary arrangements are made through a go-between called the ghatak or ghataki and the price paid for the girl varies between Rs. 40 and Rs. 120 according to her appearance and ability to work. Rājbansis may have as many as 10 wives and often have more than one; widow marriage is allowed.
( Gruning ,John, F ,Eastern Bengal And Assam District Gazetter,Japaiguri ,Page - 34 ,1911)
গোৱালপাৰা আৰু কোচ বেহাৰৰ সাংস্কৃতিৰ সৈতে অসমৰ সংস্কৃতি একেই বুলি কোৱাৰ চেষ্টা কৰিছিল সেই সময়ৰ অৰ্থাৎ ১৯২৬ চনৰ অসম সাহিত্য সন্মিলনীৰ সভাপতি মহদয়ে। যে -
কোঁচবিহাৰ মানুহ বিলাক আজিও অসমীয়া মানুৰ নিচিনা। তিৰোতা বিলাকে অসমীয়া তিৰোতাৰ দরে ​​বুকুত মেখলি মাৰে।
(মনিষী পঞ্চাননেৰ ক্ষাত্ৰ আন্দোলন অনালোচিত অধ্যায়,ড০ দীপককুমাৰ ৰায় পৃষ্ঠা ৬১,২০১৩ )

ৰাজবংশী সকলৰ বয়ন শিল্প

এটা সময়ত সমগ্ৰ কোচ মহিলাই নিজৰ আৰু ঘৰত প্ৰয়োজনীয় কাপোৰ নিজেই প্ৰস্তুত কৰি উলিয়াইছিল । কিন্তু সম্প্ৰতি আধুনিকতাৰ প্ৰভাৱ আৰু ব্ৰাহ্মণ্য বাদী চিন্তাধাৰাৰ প্ৰবেশ ঘটাত তাত শিল্প উঠি যোৱাৰ উপক্ৰম হৈছে । অসমৰ কোকৰাঝাৰ , চিৰাং, বঙাইগাঁও আৰু বাকী সমগ্ৰ অসমতে কিছু কিছু পৰিয়ালে বয়ন শিল্প জীয়াই ৰাখিছে যদিও ধুবুৰী জিলাৰ একমাত্ৰ আগমনী সত্ৰসাল, ফুটকিবাৰী , চাপৰ, বিলাশীপাৰাৰ বাহিৰে তাত শাল বিচাৰি পোৱা নাযায় ।
আনহাতে দক্ষিণ বংগৰ মালদাহ,দিনাজপুৰ,কোচ বিহাৰৰ মেখেলীগঞ্জৰ বাহিৰে তাত শাল বিচাৰি উলিওৱা কঠিন।‌ নেপালৰ কিছুমান অঞ্চল যেনে বেলবাড়ী আদি ঠাইত এতিয়াও ৰাজবংশী সকলে নিজে ঘৰত তাঁতশালত পাটানী‌ পঢ়োৱা দেখা যায়।
কিন্তু এটা এনেকুৱা সময় আছিল যেতিয়া তাঁতশালত কাপোৰ গঢ়াই কোচ মহিলা সকলে আৰ্থিক ভাৱে স্বচ্ছল আছিল। ইয়াৰ উদাহৰণ পোৱা যায় এনেদৰে -
"যতৰ আমাৰ তেজ মহং
যতৰ আমাৰ হিয়া,
যঁতৰেৰ দৌলত আমাৰ
সাত বেটাৰ বিয়া ।"
(কোচ - ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস আৰু সংস্কৃতি , অম্বিকা চৰণ চৌধুৰী ,পৃষ্ঠা - ২৬৬, ২০১১)
হেমিল্টন চাহাবে লিখিছে কিদৰে কোচ ,ৰাজবংশী , পলিয়া মহিলা সকলে মৰাপাটৰ পৰা তৈয়াৰ কৰা সূতাৰে মেখেলি নামৰ কাপোৰ তৈয়াৰ কৰিছিল ।আৰু পইছা উপাৰ্জন কৰিছিল ।
The next most important manufacture of cloth is that which is made from the pat, or Corchorus capsularis, and is almost entirely wrought and spun by the women of the low Hindú castes, called Kongch, Polya, and Rajbongsi.
The very coarse kind of linen called megili is the common dress of these poor people, and it is woven in the same way with the coarse cotton cloths which I have lately mentioned. Most families have a loom, and the people, especially the women, in the afternoons, work a little, occasionally, and this serves to clothe the family, so that it is seldom sold. The pieces consist of three or four narrow cloths, sewed together, are 4 or 5 cubits long, and from 2 to 3 cubits wide, and are worth from 2 to 8 annas each; some have red or black borders. It is said to be much pore durable than cloth made of cotton, and strongly resembles the coarse linen that is made of flax. The annual value of the megili that is woven in this district may be about 1,00,000 rupees.
(A GEOGRAPHICAL, STATISTICAL, AND HISTORICAL DESCRIPTION THE DISTRICT, OR ZILA, OP DINAJPUR, IN THE PROVINCE, OR SOUBAH, BENGAL. BY DOCTOR FRANCIS BUCHANAN (HAMILTON)
Calcutta: PRINTED AT THE BAPTIST MISSION PRESS, CIRCULAR ROAD.1833 ,page 299)
চাৰু চন্দ্ৰ সন্যাল দেৱে লিখিছে যে ৰাজবংশী মহিলা সকলে এনেকুৱা এক বিশেষ ধৰণৰ তাত ব্যৱহাৰ কৰে যিটো অসমত ব্যৱহাৰ হয় ।
Spinning and weaving are still to be found in the villages. The women generally take up the work. Jute strings from jute fibres are made at home for making household articles of use. Cotton spinning is now few and far between. The weaver class among the Rajbansis uses ordinary handlooms for weaving 'phota, urani' etc. The common handlooms found all over Bengal are used for weaving with cotton threads. A special type of loom, as is found in Assam, is used by Rajbansı women to weave with jute strings.
(Rajbanshis of North Bengal,Charu Chandra Sanyal,Page -56-1965)

Like This Post?
Leave a Comment
Looks good!
Please provide a valid first name.
Looks good!
Please provide a valid last name.
Looks good!
Please provide a valid subject.
Looks good!
Please provide a valid website.
Looks good!
Please provide a valid message.
Looks good!
You must agree before submitting.
top Comments
  • About 2 days ago Nuncekon dolor mi, accumsan quis ante id, eleifend suscipit augue eros, consectetur eu eleifend inno, eget condimentum auctor
  • About 4 days ago Aliquam erat volutpat. Proin rhoncus est ac ipsum varius fermentum. Integer a odio ornare mauris pharetra suscipitot. Integer vulputate elit erat.
  • About 5 days ago Praesent sapien massa, convallis a pellentesque nec, egestas non nisi. Donec sollicitudin molestie malesuada. Mauris blandit aliquet elit"